সংস্কৃতিৰ সপক্ষে ঐক্যবদ্ধ হওঁক যুৱ ছাত্ৰ সমাজ
-অভিজৎ ভূঞা
সময় নৈৰ দৰে, ই কাৰো বাবে ৰৈ নাথাকে ৷ যুগৰ পৰিৱর্তনত খোজ মিলাই সমাজলৈ পৰিৱর্তনই আহিবই ৷ কিন্তু এই পৰিৱর্তন নেতিবাচকৰ সলনি ইতিবাচক হোৱাটো প্ৰয়োজন ৷ সাম্প্ৰতিক সময়ত বিশ্বায়নে গণ মাধ্যমৰ যোগেদি আমাৰ সাতাম পুৰুষীয়া সংস্কৃতিৰ ওপৰত ভোগবাদী চিন্তাধাৰা আৰু অপসংস্কৃতিয়ে প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে ৷ কেৱল অসম নতুবা ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰ বাবে ভয়াৱহ অস্থিৰ এটা শতিকাত আমি উপনীত হৈছো ৷ গোষ্ঠীগত সংঘর্ষ, ভোগবাদী সংস্কৃতিৰ প্ৰৱেশ, শিক্ষা আৰু ব্যক্তি কেন্দ্ৰিকতা, অপ সংস্কৃতি আদিয়ে ক্লেদাক্ত আৰু যন্ত্ৰণাময় কৰি তুলিছে সময় ৷
আজি অসমৰ সামাজিক, ৰাজনৈতিক আৰু বৌদ্ধিক জগতখন সৱলভাৱে বলিষ্ঠ নেতৃত্বৰ দ্বাৰা আগুৱাই যাব পৰা নাই ৷ আজি অর্থনীতি,সমাজনীতি, গৃহ ভূমি, শিক্ষা- সংস্কৃতি আদি সকলো দিশতে অসমীয়া সমাজখন গভীৰ সংকটৰ সন্মুখীন হৈছে ৷ ৰাজনৈতিক অদুৰদর্শিতা আৰু স্বার্থ সিদ্ধিৰ মতলবত মতলীয়া হোৱা ৰাজনীতিয়ে প্ৰৱজনৰ সমস্যা, ৰাজ্যখনৰ অর্থনৈতিক, উগ্ৰবাদী, নিবনুৱা আদি সমস্যালৈ পিঠি দিয়াৰ পৰিণতি স্বৰূপে ৰাজ্যখনত সদায় বিৰাজ কৰি আহিছে এক অস্থিৰ অৱস্থাই ৷ এনে সন্ধি ক্ষণত জাতীয় স্বার্থৰ হকে সংগ্ৰাম কৰাৰ,অসমীয়াৰ বাৰে ৰহনীয়া সাংস্কৃতিক বৈশিষ্ট ৰক্ষা কৰি জাতি, ধর্ম, বর্ন নির্বিশেষে সকলো জাতি জনজাতিৰ মিলনেৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক শক্তিশালী কৰাৰ প্ৰয়োজন আহি পৰিছে ৷
চাওলুং চুকাফা, চিলাৰায়, শংকৰ- মাধৱ- আজান পীৰে গঢ়ি যোৱা মহামিলনৰ সমন্বয়ৰ এই অসম ভূমি আজি ভাঙি- চিঙি ঠান- বান হোৱাৰ উপক্ৰম হৈছে ৷ আজি অসমৰ বায়ু মণ্ডল বিষাক্ত, চৌদিশে কেৱল হত্যা-হিংসা, লুণ্ঠন, ধর্ষণ, দুর্নীতি- শোষণ,অন্যায় আৰু অবিচাৰে সকলোকে গ্ৰাস কৰি পেলাইছে ৷ আজি অসমৰ আকাশত ক'লা বিষাক্ত বায়ু সেৱন কৰা কোনো এজন সুস্থ ব্যক্তিয়ে সুস্থ মানসিকতাৰে চিন্তা কৰিব নোৱাৰা হৈছে ৷ জাতি জনগোষ্ঠীসমূহৰ মাজত প্ৰেম ভাতৃত্ববোধ, বিশ্বাস আদি ভাৱধাৰাৰ বিপৰীতে সংশয়, সন্দেহ আৰু আস্থাহীনতাই গা কৰি উঠিছে ৷ ভায়ে ভায়ে আজি তেজৰ লুকা- ভাকু খেলিছে ৷ কাৰ কি লাভ হৈছে বা লোকচান হৈছে সেয়া নিশ্চয় সময়েহে ক'ব৷
আজি বাৰেৰহনীয়া অসমীয়া সমাজখনক অপ- সংস্কৃতিয়ে চানি পেলাইছে ৷ সমাজত অপ- সংস্কৃতিৰ লগতে মদ ভাং, জুৱা, ড্ৰাগছ আৰু ৰাজহুৱা ব্যভিচাৰ, অশ্লীলতা বাঢ়িছে ৷ জাতীয় সাজ- পোচাকৰ প্ৰতি আদৰ কমাৰ মনোবৃত্তি সৃষ্টি হৈছে ৷ ৰুচিহীন সাজপোচাকৰ জৰিয়তে অসুস্থ মুল্যবোধৰো পৰিচয় দিবলৈ সংকোচ নকৰা হৈছে এচাম অসুস্থ মানসিকতাৰ লোকে ৷ নিজৰ মাতৃভাষাটোৰ প্ৰতি অনীহা প্ৰকাশ কৰা দেখা গৈছে বহুতক ৷ আনহাতে ছাত্ৰ- ছাত্ৰীসকল আধুনিকৰ পৰা অত্যাধুনিক হ'বলৈ আগবাঢ়িছে ৷ সমাজক কলুষিত কৰাৰ উদ্দেশ্যে ছাত্ৰ- ছাত্ৰী,যুৱক- যুৱতীৰ মন চঞ্চল কৰি ৰাখিবৰ বাবে আমাৰ সমাজত নগ্ন দুষ্কৃতিৰ প্ৰৱেশ কৰোৱাৰ চক্ৰান্ত কৰিছে বিশেষ এটা পক্ষই ৷
অসমৰ সংস্কৃতিৰ পথাৰখনত অতি সম্প্ৰতি ভুমুকি মৰা অশ্লীলতা, নগ্নতা, আদি অপ- সংস্কৃতিক যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰা আৰু অসম ভূমিত বাৰেৰহনীয়া সংস্কৃতি আৰু জাতি জনগোষ্ঠীৰ বিচিত্ৰতাৰ মাজত আজিৰ সময়ত অসমীয়া সমাজখনক এক কৰি ৰখাটো প্ৰয়োজন হৈ পৰিছে ৷
এনে পৰিস্থিতিত অসমৰ ছাত্ৰ- যুৱ সমাজে আত্ম বিশ্বাস আৰু আত্ম প্ৰত্যয়ৰে আগুৱাই যোৱাৰ মন বন্ধাৰ লগতে এনে সংকটপূর্ণ সময়ত নিজৰ সমাজখনৰ, ৰাজ্যখনৰ আৰু নিজৰ জাতিটোৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব।

Comments
Post a Comment