ভুল_নুবুজিবা_আকাশীলতা…..
আকাশী লতা,
আকাশৰ পৰিধিভাঙি পঠিওৱা মৰম লবা ৷ ইমান দিনে কম কম বুলি মনত ভাবি থকা কথাটো কবলৈকে চিঠিখন লিখিলো ৷ মই জানো কথাটো কোৱাৰ পাছত তোমাৰ পৰা কি উত্তৰ পাম ৷ তুমি কবা ‘’মোৰ হিয়াৰ দুৱাৰখন বন্ধ আছে ,এতিয়া কোনোৱে প্ৰৱেশ কৰিব নোৱাৰে”৷ ময়ো সোমাব নিবিচাৰো , তোমাৰ হিয়াৰ পদুলিত ভৰি দিবলৈও নিদিবা মোক ৷ মাথোঁ মনত পুহি ৰখা কথাটো এইবাবেই কবলৈ বিচাৰিছো আজি, নকলে হয়তো আজীৱন দোষী দোষী লাগি থাকিব মনটো৷ কিন্তু কথাটো কবলৈ লওঁতেই মনটোত এক অনুভুতিয়ে ভূমুকি মাৰিছেহি ৷ কি নাম এই অনুভুতিৰ ? লাজ নে ভয় ? কাৰণ তুমি হৈছা বিলাসীতাৰ মাজত জীৱন অতিবাহিত কৰা সম্ভ্ৰান্তৰ দুহিতা ৷ আনহাতে মই হৈছোঁ অট্টালিকাৰ ছাঁত হাজাৰটকীয়া ভাৰা ঘৰত আশ্ৰয় লোৱা এজন অসহায় যুৱক ৷ মাহেকৰ মুৰত তোমাৰ দৰে কাৰোবাৰ চৰ, ভুকু, গালিৰ বিনিময়ত যিকেইটকা দৰমহা পাওঁ তাৰ মূল্য তোমাৰ এটা কচমেটিকৰ সমান ৷ তোমাৰ ভৰিৰ চেণ্ডেলযোৰৰ মূল্যৰে মই তিনিযোৰ চার্ট,পেণ্ট কিনিব পাৰিম ৷ ৰাতিপুৱা যেতিয়া তোমালোকে ব্ৰেড, বাটাৰ, কল, আপেল, সিজোৱা কণী খাই থাকা তেতিয়া মই কি খাওঁ জানানে ? ৰাতিয়েই চৰুটোত তিয়াই ৰখা দুটামান ভাত আৰু কাষত এচিকুট নিমখ ৷ সেয়াই মোৰ জীৱন ৷ দিনটোৰ পৰিশ্ৰম, তথাকথিত ভদ্ৰজনৰ গালি-শপনি , অনবৰতে দেহৰ তেজ শুহি থকা শোষণকাৰীসকলৰ অত্যাচাৰত মই অৱশ হৈ পৰিছোঁ ৷ “মৰম” নামৰ শব্দটো যেন মোৰ অভিধানৰপৰা ক্ৰমশঃ হেৰাই গৈছে ৷ সেয়ে কম বুলি ভাবি থকা কথাটো কবলৈও সাহস নহ’ল আজিলৈকে ৷ তথাপিও আজি কবলৈ মৰ সাহ কৰিছোঁ, ভুল নুবুজিবা আকাশীলতা, তোমাৰ ৰূপত ভোল গৈ হয়টো বহু ৰাজকুমাৰে তোমাক যি কথা কলে সেই কথা মই তোমাৰ গুণত ভোল গৈ কব বিচাৰো………. মই তোমাক ভাল পাওঁ ৷ গোটেই জীৱন তোমাৰ স্মৃতিকেই মোৰ মনৰ নিভৃত কোণত সাঁচি ৰাখিব বিচাৰোঁ ৷ মই আকৌ কৈছো, তোমাৰ প্ৰেম পাবলৈ তোমাক এই প্ৰস্তাৱ দিয়া নাই, গোটেই জীৱন মনৰ কথা খুলি কব নোৱাৰা ‘কাপুৰুষ’ বুলি অন্তদণ্ডত ভোগাৰ ভয়তহে কৈছো ৷ তুমি মোৰ প্ৰস্তাৱ গ্ৰহণ নকৰা বুলি জানিও পুনৰ কব বিচাৰো “ মই তোমাক ভাল পাওঁ” ৷ ভুল নুবুজিবা আকাশীলতা মনৰ অশান্তি দুৰ কৰিবলৈকে লিখিলো কথাখিনি ৷ এই চিঠিখন পঢ়ি তুমি মোক খং কৰিলেও যে ঘীণ নকৰা সেই কথা মই ভালদৰেই জানো, ঘীণ কৰিলেও সেয়া মই তোমাৰ মৰম বুলি গ্ৰহণ কৰিবলৈ সাজু ৷ তুমি সুখী হোৱা তাৰে কামনাৰে ……
মৰম আকলুৱা
তোমাৰ জোনাক

Comments
Post a Comment