শৰতৰ অনুভৱ

শৰতৰ প্ৰেমত পৰিয়েই আপুনিও সেউজীয়া হওক
©-অভিজিৎ ভূঞা

শাৰদী কোমল
জোনাক মায়াৰে
মন উতলা কৰে

শৰত , মন কমোৱা তুলাৰ দৰে উৰি যোৱা ঋতু শৰত | ঋতুৰ ৰাণী শৰত | গ্ৰীষ্মৰ উত্তাপক বিদায় দি শৰতক আদৰণি জনোৱা ঋতু শৰত | তাৰেই উমান শৰতৰ পুৱাৰ বতাহজাক |

      শৰত মানেই যেন শ্যামল ধৰণ, জ্যোৎস্নাময়ী চন্দ্ৰাৱলী, সৌন্দৰ্যৰ মধুৰ মাধুৰী | শৰতৰ ৰিব ৰিব মলয়াৰ মধু লহৰত বংশীৰ বুকুত পঞ্চম সুৰৰ মূৰ্চনা তুলি আত্মবিভোৰ হয় বৰ্ণমালী | শেৱালী ফুলৰ মধুৰ সুবাসে দিয়ে আমাক শৰত অহাৰ বতৰা | নিশাৰ আন্ধাৰৰ সুযোগ লৈ ফুলা আমোলমোল গোন্ধেৰে সুবাসিত শেৱালী ফুলে ৰাতিপুৱা চোতালৰ দুবৰিডৰাৰ দলিচাত বুটা বাছে | শৰত কালৰ তৰা ভৰা আকাশৰ স্নিগ্ধ জোনাক নিশা শেৱালি ফুলৰ সুবাসে মন মতলীয়া কৰি তোলে সকলোৰে | সেয়ে গীতিকাৰে হয়তো লিখিছিল---
আমোলমোল শেৱালি গোন্ধ
যাওঁ বুলি যাবই নোখোজেচোন
(লোকনাথ গোস্বামী)

শাৰদী ৰাণীৰ প্ৰেমত পৰা সেউজীয়া দুবৰি বনে নিয়ৰৰ কণিকা শিৰত লৈ কোনো অচিন পথিকক জোকায় | যাৰ বাবে সেই পথিকে মৰমৰ প্ৰেয়সীজনীক শৰতৰ সম্ভাষণ  জনাবলৈ এপাহি শেৱালি ফুল হাতত দিবলৈ বাধ্য হয় | শাৰদী ৰাণীৰ প্ৰেমত পৰিয়েই হয়তো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে গাইছিল---
শাৰদী ৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ, পুৱতি নিশাৰ সপোন

শৰতৰ আগমনত প্ৰত্যেকৰে মনৰ বাগিচাত ফুলি উঠে আশাৰ পাপৰি | আচ্ছাদিত হৈ উঠে মন গহণৰ সীমনা | উজলি উঠে হিয়াৰ মণিকোঠা | চঞ্চল হৈ উঠে হেঁপাহৰ দুচকুৰ মণি |

ইফালে নীল আকাশত কপাহ কোমল শুকুলা ডাৱৰৰ অহা-যোৱা | নিষ্পাপ পবিত্ৰ কোলাহল কৰি ডাৱৰৰ মাজেৰেই ডেউকা মেলি দূৰ দিগন্তৰ দিশে উৰি যায় এজাক শৰালি নাইবা এজাক বগলী |

শৰত মানেই কঁহুৱা | লুইতৰ বালিচৰত হালি জালি কঁকাল ভাঙি নচা কঁহুৱা বনে আমাৰ মনত আনন্দৰ জোৱাৰ তোলে | কবি ৰঘুনাথ চৌধাৰীৰ মতে---
লুইতৰ পাৰে পাৰে কঁহুৱা ফুল
ঢৌৱে ঢৌৱে ঢৌ খেলি
তুষাৰ ধৱলকান্তি কৰিছে বিপুল
যেন সুৰ তৰংগিনী পুলকে আকুল |

শৰতৰ আগমনত জীপাল হৈ উঠে প্ৰকৃতিৰ বুকু | সুবাসিত হৈ উঠে চৌদিশ | গাভৰু হয় কৃষকৰ জীয়ৰী ধাননি পথাৰ | বোকাৰ শালিতলি ৰূপান্তৰিত হয় সজাল ধৰা ধাননি পথাৰলৈ | বালিমাহীৰ নাচোনত খহিপৰে বালিচন্দা | শেৱালীৰ শুভ্ৰতাত তৰুণ হৈ পৰে মন প্ৰাণ | শৰতৰ পূৱাৰ পৰাণে সিঁচি দিয়ে প্ৰেৰণাৰ নতুন মন্ত্ৰ | ধন্য হয় মানব হৃদয় | শৰত মানেই আশাৰ বতৰা | কিয়নো---
শেষ হৈ গ'ল
লব্ধ আকাশৰ হিংস্ৰ উৎসৱ
উখল মাখল পথাৰত এতিয়া বলিছে সেউজীয়া ঢল | --হীৰেন ভট্টাচাৰ্য

ৰং সলনি হয় সকলোৰে, সেউজীয়াৰ পৰা ৰূপোৱালী, ৰূপোৱালীৰপৰা সেউজীয়া |

Comments