কবিতা নহয়

#এটা_মৃতদেহৰ_আত্মকথা
        #অভিজিৎ ভূঞা

আবেলিটো ক্ৰমাৎ নীলা হৈ পৰিছিল সিদিনা
নীড়মুখী মই  আৰু মোৰ পোণাকন
আগে আগে আমাৰ বলধটো
দিনৰ দিনটো আনৰ ঘৰত
হাজিৰা কৰাৰ অন্তত পোৱা ছয়কুৰি দহটকা
আঁচলৰ খুচনিত বান্ধি আনিছিলো
পাৰ হৈ অহা হাবিডৰাৰপৰা বুটলি আনিছিলো খৰি এবোজা
পথৰ কাষৰ স্কুলখন পাওঁতেই হঠাৎ গোজৰি গুমৰি আহিলে মেঘ
মুষলধাৰে দিয়া বৰষুণৰপৰা বাছিবলৈ পথৰ কাষৰ এল পি স্কুলখনলৈ সোমাই গলো মই
আন্ধাৰ হৈ আহিছিল ক্ৰমে ক্ৰমে
বৰষুণ নেৰেহে নেৰে...
কিন্তু
ই কি
মোৰ দেহত অক্টোপাছ এটা বগাই আহিছে দেখোন
আন্ধাৰৰ সুযোগ লৈ
তাৰ পিছত......
.....
...
পিছদিনা পূৱা মোৰ নাঙঠ মৃতদেহটোৰ কাষত চাৰে পাঁচ বছৰীয়া মোৰ পোণাকনে কান্দি থকা সকলোৱে প্ৰত্যক্ষ কৰিলে...

Comments